XtGem Forum catalog
(১)
যিবোৰ কথা কাকো খুলি ক'ব নোৱাৰি
সেইবোৰেই যন্ত্ৰণা!

(২)
তোমাৰ চিঠিবোৰ সযতনে ৰাখি থৈছোঁ
লাগিলে আহি লৈ যাব পাৰা

মই তোমাৰ অন্ধ প্ৰেমিক নহওঁ
যে তোমাৰ চিঠিবোৰক লৈ আজীৱন মদ খাম

কিম্বা নষ্ট মানসিকতাৰ ব্যক্তি নহওঁ
যে চিঠিবোৰেৰে তোমাক ব্লেকমেইল কৰিম

(৩)
দুচকুত সপোন লৈ ঘূৰি ফুৰোঁ,
তোমাৰ প্ৰেমৰ বাবেই বৰষুণ হৈ সৰি পৰোঁ !

(৪)
কোঠালীৰ ভিতৰলৈ সোমাই গ'লোঁ
এন্ধাৰৰ মাজতে তোমাক লগ পালোঁ

কোঠালীৰ ভিতৰত হেৰুৱাই থৈ আহিলোঁ হৃদয়
হৃদয়খন তুমি ৰাখিলা
নে এন্ধাৰৰ হৈ গ'ল !

(৫)
তুমি ভালপাওঁ বুলি ক'লে ৰাতি আকাশৰ পৰা সৰি পৰে জোনাকৰ হাঁহি

(৬)
আজিও দুকুত নৈ বয়, চ'তৰ বতাহজাকে কাণে-কাণে তোমাৰ কথা কয়

(৭)
হালধীয়া হৈ উঠে মোৰ দুখৰ জোনাক,
তোমাৰ চকুত চকু থ'লেই ধাৰাসাৰে পৰে বৰষুণৰ টোপাল !

(৮)
কিমান আৰু অপেক্ষা কৰিম তোমাৰ, কালিৰপৰা তুমি নাই, তুমিহীনতাত বেটাৰীৰ চার্জ শেষ হও হও অবস্থা ! ....

(৯)
তোমাৰ চুলিৰ পৰা
টোপটোপকৈ বৰষুণ সৰে
তাতে ভিজি ভিজি মোৰ
বুকুৰ ভিতৰত চর্দি লাগে !

(১০)
মাজে মাজে হৃদয়খনক বন্ধকত থৈ মদ খাওঁ

দুপৰীয়া নদীৰ পাৰত বহি স্মৃতিৰ বাঁহী বজাও !

(১১)
[ক]
কিছুমান কথা ভাবিব হে পাৰি !

(খ)
ক্ৰমশঃ মৌন হৈ হৈ
বোবা হৈ যাম
তোমাৰ পানী তোলা ঘাটত দুঃসপ্নৰ বৰশী বাম !

(১২)
ৰং গুৰিৰ দৰে উৰি যাওঁ
বতাহৰ কোবত গৈ গৈ
কৰ পৰা কলৈ পাওঁ

গলি যাওঁ
পানীৰ স'তে মিলি যাওঁ
গৈ গৈ নর্দমা পাওঁ !

(১৩)
মই আকাশৰ পৰা সৰি পৰা এটা মাছ
তোমাৰ ঠেক পুখুৰীত কোক্-বকাই থাকোঁ !

(১৪)
क'व নোৱাৰাকৈয়ে দুখ ଏটা वाঢ়ি আহে
আथानि কোঁৱৰে চকুলোৰ চিয়াঁহীৰে कविতা लिখে !

(১৫)

কালি ইয়াতে
তুমি নাছিলা
আজিও ইয়াত
তুমি নাই
কাইলৈও ইয়াত
তুমি নাথাকিবা

মই হে বাট ভুল কৰি
খেপিয়াই ফুৰোঁ তোমাক !

(১৬)

কোনেও নজনাকৈ
এদিন
নিৰুদ্দেশ হৈ যাম

মাজে-মাজে
সময় পালে আহি

মনে-মনে
আপোনালোকক
চাই যাম !

(১৭)

প্ৰতিজনী ধুনীয়া নাৰীয়ে মোৰ হৃদয়ত আঁকি থৈ যায়
একো-একোটা ৰক্তবর্ণ কবিতা !


ණ কন্দর্পজিৎ কল্লোল

হাইকু (Assamese Haiqu)